পুনৰ গৌৰৱ —পাক লিংকৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে বজাইছে পুৰণি কেছেট। বিৰোধীৰ মাজত সিঁচিছে সন্দেহৰ বীজ। কিন্তু কিমান সফল হ’ব মুখ্যমন্ত্ৰী?
কুশল দুৱৰীক অখিল গগৈৰ ক্ষুৰধাৰ সমালোচনা সহ্য হোৱা নাই মুখ্যমন্ত্ৰীৰ। কুশল দুৱৰীক ৰক্ষণাবেক্ষণৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। কিয় অখিল গগৈয়ে কুশল দুৱৰীক আ**ক্ৰ*ম*ণ কৰিব? '১২৫ টা সমষ্টিত নকৰা কাম অখিল গগৈয়ে কৰিছে।'
যোৰহাট এৰি পলায়ন কৰা পবিত্ৰ মাৰ্ঘেৰিটা এইবাৰ নামিল নাজিৰা উদ্ধাৰত। ময়ূৰ বৰগোহাঁইক উদ্ধাৰৰ দায়িত্ব এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ হাতত। কংগ্ৰেছৰ দুৰ্গ খহাই পবিত্ৰ মাৰ্ঘেৰিটাই ময়ূৰক দিব পাৰিবনে বিজয়ৰ হাঁহি?
মিছা ভৱিষ্যদ্বাণী নকৰা ভূপেন বৰাৰ ফেইল! বিজেপিত অকলশৰীয়া ভূপেন বৰা, নৰজিল ভৱিষ্যদ্বাণীও। ৮ মাৰ্চ পালেহি। বিজেপিলৈ গ’লনে জাতীয়তাবোধ থকা কংগ্ৰেছী? ৫০ শতাংশ কংগ্ৰেছী বিজেপিলৈ যাব বুলি কোৱা ভূপেন বৰাৰ হাতত আছেনে?
'ছিংগাপুৰৰ কৰ্টে এনেকুৱা এটা ৰায় দিছে, যাৰ বাবে অভিযুক্তসকলে সুবিধা-সকাহ পাই গ'ল'।
নিৰ্বাচনৰ এসপ্তাহ পাছতে জেইললৈ যাব কোন? হিমন্ত বিশ্ব শৰ্মা নে পৱন খেৰা আলহী হ'ব কাৰাগাৰৰ? বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছ নেতা পৱন খেৰাৰ। কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেইললৈ পঠোৱাৰ হুংকাৰ।
ভুৱা শপতনামা দাখিলেৰে নিৰ্বাচনত অৱতীৰ্ণ বিজেপি নেতা। শপতনামাত লুকুৱাইছে বিঘাই বিঘাই মাটি। ভুৱা শপতনামা দাখিল কৰিয়েই নিৰ্বাচন জিকিল অমৰ সিং টিচʼ। আজিলৈকে ব্যৱস্থা নলʼলে নিৰ্বাচন আয়োগে।
📌আহোমৰ ৬০০ বছৰীয়া ৰাজত্ব যি দৰে ল'ৰা ৰজাৰ দিনত শেষ হৈছিল তেনেকৈ গৌৰৱ গগৈৰ দিনত কংগ্ৰেছৰ ১৫০ বছৰীয়া ইতিহাস শেষ হ' ব।
📌কংগ্ৰেছত থাকিবলৈ হ'লে প্ৰদুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াই ৰকিবুল হুছেইনৰ ঘৰত শৰণ ল'ব লাগিব
📌কোনো স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে। APCC (R) ত হে থাকিব পাৰিব
👉 প্ৰদুৎ বৰদলৈ সন্দৰ্ভত ভুপেন বৰাৰ এই মন্তব্য
গাত লাগিছে একালৰ আন্দোলনকাৰী অতুল বৰাৰ। ঐতিহাসিক অসম আন্দোলনক অপমান ৰণোজ পেগুৰ। 'ছবছৰীয়া আন্দোলন কৰি কি ফালিছিল আন্দোলনকাৰীয়ে?' ঐতিহাসিক আন্দোলন আৰু শ্বহীদক কৰা অপমানৰ বাবে ক্ষমা খুজিবনে ৰণোজ পেগুৱে?
বাৰে বাৰে মিত্ৰতা ভংগ ভাঙিছে গৌৰৱ গগৈয়ে। তাৰপাছতেই ক্ষোভৰ বিস্ফোৰণ ৰাইজৰ দলৰ। 'বিৰতি', 'পুনৰ বিবেচনা' শব্দই আমুৱাইছে ৰাইজৰ দলক। কেতিয়া কেনেকৈ কংগ্ৰেছে মিত্ৰতা ভংগ কৰিছে তাৰো হিচাপ ৰাইজৰ দলৰ।
▶️ কংগ্ৰেছত বিজেপিৰ এজেণ্ট হৈ কোনে কাম কৰে?
▶️ ইমান দিনে কোন কংগ্ৰেছত ঘৰশত্ৰু হৈ আছিল?
▶️ কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মীৰ বেশত থাকি আনৰ এজেণ্ট হৈ থকাবোৰ কোন?
▶️ কথাবোৰত লাহে লাহে পোহৰ পৰিবলৈ লৈছে
অগপক মুখ্যমন্ত্ৰীৰ এয়া পৰামৰ্শ নে অপমান? বাৰে বাৰে অগপক ৰাস্তা দেখুৱাই দিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা-য'তেই মন তাতেই প্ৰাৰ্থী দিয়ক অগপই। ১২৬ টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিব পাৰে অগপই। কিন্তু মন্ত্ৰিত্বৰ মোহত বন্দী অগপ নেতৃত্বই বাট চাই ৰৈছে বিজেপিলৈ।